Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Sunday, April 12, 2026

Oi Jaan Oi Akaxkhan Dhuniya (ঐ জান ঐ আকাশখন ধুনীয়া) | Zubeen Garg | Bihu



শ্ৰব‍্য কেছেট: জানমণি
কন্ঠ: জুবিন গাৰ্গ, ভিটালী

ঐ জান ঐ আকাশখন ধুনীয়া, 
ঐ জান ঐ তৰাৰে জিলিকা । 
ঐ জান ঐ মনৰে সৰগত, 
ঐ জান ঐ তুমি মোৰ মেনকা । 

ঐ জান দূৰণিতে, ঐ জান তুমি থাকা 
ঐ জান সপোনত হয়, 
ঐ জান আমাৰ দেখা । ঐ জান ঐ ... 

ঐ জান ঐ আহিল বৰদৈচিলা, 
ঐ জান ঐ দিলে বিহুৰ বতৰা । 
ঐ জান ঐ জাকে জাকে বিহুৱা, 
ঐ জান ঐ ৰঙত হৈ বলিয়া । 

ঐ জান তুমি আহিবা, 
ঐ জান কপৌফুল আনিবা 
ঐ জান মোৰ ঘিলা খোপাত, 
ঐ জান তুমি গুজি দিবা । ঐ জান ঐ ... 

ঐ জান ঐ সাগৰত কিমান পানী,
ঐ জান ঐ কোনেনো জুখিব । 
ঐ জান ঐ তোমালৈ থকা মৰম, 
ঐ জান ঐ কোনেনো বুজিব । 

ঐ জান আনে জানো দিব, 
ঐ জান তোমাৰ অন্তৰক 
ঐ জান কোনে বুজি পাব, , 
ঐ জান তোমাৰ মৰমক । ঐ জান ঐ ... 

ঐ জান ঐ শুনানে দুভাগ ৰাতি, 
ঐ জান ঐ কেতেকীৰ বিননি । 
ঐ জান ঐ মনৰে চিতনি, 
ঐ জান নিশা নাহে টোপনি ৷ 

ঐ জান মৰুভূমি বালিত, 
ঐ জান মৰিচিকা খেদি । 
ঐ জান তোমাকে পাবলৈ, 
ঐ জান আছো আশা কৰি । ঐ জান ঐ ... 

ঐ জান ঐ আকাশখন ধুনীয়া, ,
ঐ জান ঐ তৰাৰে জিলিকা ।

Khitik Khitik Kori (খিতিক খিতিক কৰি) | Zubeen Garg | Bihu



শ্ৰব‍্য কেছেট: জোনবাই (২০০৫)

কণ্ঠ:জুবিন গাৰ্গ,সুবাসনা দত্ত

সংগীত:মানস ৰবীন

সুৰ:দেৱজিৎ বৰা

কথা:দেৱজিৎ বৰা


ঐ খিতিক খিতিক কৰি ঐ লাহৰী 

মাকো মাৰি তাঁতে নো বয় আছিলা

ঐ আমি গৈ ওলালো তাত লাহৰী

বহিবলৈ পিৰা পাৰি দিছিলা |2|


ঐ গাতে নাই তৰণী ৰচক পচক

ঢোলৰ মাতত টোলোঠা কঁপে

ঘনাই ঘনাই সূঁতা ছিগেআৰু ছিগে 

নাচনীৰআৰু ছিগে নাচনীৰ জৰী


মাকো বলে পাহৰি ঐ, গ'লো তোমাকে দেখি ঐ 

দেহাজান ঐ মইনাজান ঐ, মাকো পিছলিলে ঐ


পাহাৰে ভৈয়ামে ঐ লাহৰী

ঘৃনুক ঘানাক ঢোলৰে গুম-গুমনিঅ' 

হালিছে জালিছে ঐ লাহৰী

উখল-মাখল মন কহুৱা বননি |2|


আহাচোন দেহা হালি-জালি

নাচাচোন দেহা কঁকাল ভাগি

আহাচোন দেহা কাষে চাপি

যৌৱনৰো জ্বলিছে, যৌৱনৰো জ্বলিছে জুই


তুমি মাতিছিলা ঐ, মইয়ো নাচিছিলো ঐ 

তাঁতৰ পাতত শালিকি থৈ, ফুলৰ চানেকী পেলাই ঐ 


ঐ মিচিক মাচাক কৰি ঐ লাহতী

আমালৈ চাই কঁকাল নো ভাগিছিলা

ঐ নাচৰে পাকতে ঐ লাহতী

খুলি যোৱা ৰিহাখন খুচি ল’লা |2|


যৌৱন জিলিকিছিল দেহৰ ভাঁজত

ইচাত-বিচাত মনৰ মাজত

তোমাকে পাই নিচেই কাষত

বিহুৰে ঐ বতৰত, ব'হাগৰ ঐ বতৰত হায়....


দুগাল ৰঙা পৰিছিল ঐ, বুকু কপি উঠিছিল ঐ

তোমাৰ ঢোলৰ চাপৰে মোক

জানা বাউলী কৰিছিল ঐ.....


ৰাতি ৰাতি ৰাতি ঐ লাহতী,

বিহু মাৰি ঘৰলৈ ঐ উভতি

পইতাঁ-কৰ্কৰাকে ঐ লাহতী,

যিহকে পাঁও তিহকে খাওঁ এমুঠি |2|


মোকে নো ভাল পাঁও বুলি

আছো আজিও বুকু ডাঠি

মৰমৰে নিদিবি ফাঁকি

বিহুৱা ঐ ডেকাৰে, বিহু বলিয়া ডেকাৰে মন


এয়াই ভালপোৱা কিজানি ঐ

এয়াই মৰম কিজানি

নেদেখিলে তোমাকে জান

এদিনো থাকিব নোৱাৰি ঐ


ঐ খিতিক খিতিক কৰি ঐ লাহৰী

মাকো মাৰি তাঁতে নো বয় আছিলা

ঐ আমি গৈ ওলালো তাত লাহৰী

বহিবলৈ পিৰা পাৰি দিছিলা

ঐ গাতে নাই তৰণী ৰচক পচক

ঢোলৰ মাতত টোলোঠা কঁপে

ঘনাই ঘনাই সূঁতা ছিগেআৰু ছিগে 

নাচনীৰআৰু ছিগে নাচনীৰ জৰী